লাহৰিজানত 1 কোটি টকা মূল্যৰ মৰফিনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
Published : Dec 20, 2023, 8:03 PM IST
ডিফু, 20 ডিচেম্বৰ : ড্ৰাগছ সৰবৰাহৰ ক'ৰিডৰ স্বৰূপ হৈ পৰিছে অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজান ৷ আৰক্ষীৰ নিশ্ছিদ্ৰ তালাচীৰ মাজতো সৰবৰাহকাৰীয়ে মৰসাহ কৰি লাহৰিজানত নিতৌ অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ জানিব পৰা মতে মঙলবাৰে মাজনিশা লাহৰিজান আৰক্ষীৰ নিয়মীয়া তালাচীত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা MN 01 BA 0188 নম্বৰৰ এখন নৈশ বাছৰ পৰা আৰক্ষীয়ে 1 কেজি 900 গ্ৰাম মাৰাত্মক মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে মৰফিন সৰবৰাহৰ লগত জড়িত মণিপুৰৰ দুই সৰবৰাহকাৰী ক্ৰমে ইয়াকুব খান আৰু ছৰুজ খানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ মৰফিনখিনি আৰক্ষীয়ে জব্দ কৰি এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি ধৃত সৰহৰাহকাৰী দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত গুৱাহাটীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ