Amrit Kalash Yatra controversy: অমৃত কলহ যাত্ৰা কৰা কংগ্ৰেছৰ দুই নেতাক নিলম্বন - Amrit Kalash Yatra controversy
🎬 Watch Now: Feature Video


Published : Oct 10, 2023, 4:12 PM IST
গোৱালপাৰা, 10 অক্টোবৰ: বিজেপি চৰকাৰৰ অমৃত কলহ যাত্ৰাত অংশ লৈ নিলম্বিত হ’ল কংগ্ৰেছৰ দুগৰাকী সদস্য ৷ গোৱালপাৰা জিলাৰ মাটিয়া ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি আয়নুল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফৰুজা বেগমক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে ৷
প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈৰ স্বাক্ষৰ সম্বলিত এক নিৰ্দেশনাত কোৱা হৈছে যে, 10 জনপথত থকা ছোনিয়া গান্ধীৰ ঘৰ জ্বলাই দিবলৈ কোৱা, ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত কটু মন্তব্য কৰা, ৰাহুল গান্ধীৰ ফটো বিকৃত কৰি ৰাৱণৰ ৰূপ দিয়া, সংসদৰ পৰা ৰাহুলক খেদিবলৈ বিভিন্ন ঘৃণনীয় পথ অৱলম্বন কৰা বিজেপি তথা অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত অংশ লৈ এই দুয়োগৰাকী নেতাই দলৰ মৰ্যাদা লাঘৱ কৰিছে ৷ এই সন্দৰ্ভত পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: Amrit Kalash yatra controversy: মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্ৰৰ উত্তৰ দিব কংগ্ৰেছে