শিমলাগুৰী আৰক্ষীৰ জালত দুই ATM প্ৰৱঞ্চক, 35 খন ATM জব্দ
🎬 Watch Now: Feature Video
বৰপেটাৰোড, 17 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ATM প্ৰৱঞ্চকৰ টিঘিলঘিলনি ৷ বৃহস্পতিবাৰে নিশা অতি কৌশলেৰে ATM কাৰ্ড সলনি কৰি বিভিন্নজনৰ একাউণ্টৰ পৰা ধন লুটি নিয়া দুই প্ৰৱঞ্চকক শিমলাগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শিমলাগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিৰাম ডেকাৰ নেতৃত্বত চলা অভিযানত প্ৰৱঞ্চক দুটাক গ্ৰেপ্তাৰ কৰে ৷ ধৃত দুই প্ৰৱঞ্চক হৈছে আখতাৰ হুছেইন আৰু ছাদ্দাম হুছেইন ৷
ইয়াৰে আখতাৰ হুছেইন নামৰ প্ৰৱঞ্চকটোক বৰপেটাৰোডৰ বালাভিঠাৰ পৰা আৰু ছাদ্দাম হুছেইনক বৰপেটাৰ শিলাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে প্ৰৱঞ্চক দুটাৰ পৰা 35 খন ATM কাৰ্ডসহ দুটা মোবাইল ফোন জব্দ কৰে। শিমলাগুৰী আৰক্ষীয়ে প্ৰৱঞ্চকদ্বয়ক জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত আছে ৷
লগতে পঢ়ক: তিনিচুকীয়াত এদিনতে দুটাকৈ শোকাৱহ দুৰ্ঘটনা, এজনৰ মৃত্যু