BJP joining programme:TMCৰ ৰাজ্য়িক উপ-সভাপতি শ্যামল চৰকাৰৰ বিজেপিত যোগদান - তৃণমূল কংগ্ৰেছৰ ৰাজ্য়িক উপ সভাপতি
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 3:41 PM IST
ওদালগুৰি, ১ ছেপ্টেম্বৰ : তৃণমূল কংগ্ৰেছৰ ৰাজ্য়িক উপ-সভাপতি শ্যামল সৰকাৰৰ বিজেপিত যোগদান । শুক্ৰবাৰে ওদালগুৰিৰ টংলাত সংবাদমেল সম্বোধন কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণ কাৰ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি লক্ষ্য তাৰপ্ৰতি আকৰ্ষিত হৈ তেওঁ বিজেপিত যোগদান কৰিছে । গৃহ মন্ত্ৰী অমিত শ্বাহ,দলৰ সভাপতি জে পি নাড্ডাৰ নেতৃত্বত দেশখনত উন্নয়নৰ বাট প্ৰসস্ত হোৱা বাবে তেওঁ বিজেপিত যোগদান কৰা বুলি কয় ।
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ শাৰীত উপনীত কৰিবলৈ যেনেদৰে কাম কাজ কৰি আছে, তাৰ প্ৰতি আকৰ্ষিত হৈ দলৰ আদৰ্শ নীতিক ভাল পায় তেওঁৰ লগতে শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি সংবাদমেলত শ্যামল সৰকাৰে কয় । তেওঁ কয়,"তৃণমূল কংগ্ৰেছত থাকি দেখিলো যে পশ্চিমবংগত TMCয়ে মানুহ হত্য়াৰ competition আৰম্ভ কৰিছে, দুৰ্নীতিৰ ভূ-স্বৰ্গ গঢ়াত নামি পৰিছে । এতিয়া পশ্চিমবংগত থকা হিন্দু বঙালী মানুহবোৰ প্ৰাণৰ শংকাত অসমত আহি থাকিব লগা হৈছে তাৰ বাবে TMCৰ প্ৰতি ঘৃণা' উপজিলে, সেয়েহে দল ত্যাগ কৰিলো ।"
তেওঁ কয়,"মই যিমান দূৰ জানো বিজেপি দলত ন-পুৰণি কৰ্মী বুলি বিশেষ একো নাই, এই দলত সকলোৱে সমান ।" বঙালী সকলৰ ডি-ভোটাৰৰ সমস্যাৰ লগতে আন বিভিন্ন সমস্যা সমাধানৰ উপৰি জাতিৰ সৰ্বাংগীণ উন্নতিৰ স্বাৰ্থত বিজেপি যোগদান কৰা বুলি কয় শ্যামল সৰকাৰে ।
লগতে পঢ়ক:Beki River Erosion: কেমেৰাৰ সমুখতে বেঁকীৰ বুকুত জাহ গ’ল ঘৰ; উপায়হীন নৈ পৰীয়া