Tree plantation : নগাই কাটিলে ১০০ জোপা গছ, অসমীয়াই ৰুলে ৫০০ৰো অধিক - নগাই কাটিলে ১০০ জোপা গছ
🎬 Watch Now: Feature Video
অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ উপদ্ৰৱ অব্যাহত আছে । এইবাৰ নগা দুৰ্বৃত্তক প্ৰত্যাহ্বান জনালে সীমান্তৰ অসমীয়াই । নগাই উচ্ছেদ চলোৱা স্থানত এইবাৰ অসমীয়াই ৰোপণ কৰিলে গছপুলি (Tree plantation at Assam Nagaland border)। ৰাইজৰ এই পদক্ষেপত সহায় কৰিলে বন বিভাগে ।
উল্লেখ্য যে শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়নিৰ সীমান্তত থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই নিশা ১০০ ৰো অধিক গছ কাটি তহিলং কৰিছিল (Naga miscreants cut down trees in Mariani)। যাক লৈ চিন্তিত হৈ পৰিছিল সীমান্তৰ ৰাইজ । পিছে নগাৰ এনে অপকৰ্মৰ প্ৰত্যুত্তৰ দিবলৈ উক্ত অঞ্চলটো পুনৰ সেউজীকৰণৰ প্ৰতিজ্ঞা ল'লে সীমান্তৰ ৰাইজে ।
যাৰ বাবে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল সেই ভূমিত ৫০০ ৰো অধিক গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে ৰাইজ তথা বন বিভাগে (Tree plantation at Dissoi Valley Reserve Forest)। প্ৰকৃতি সংৰক্ষণৰ উদ্দেশ্যে বুধবাৰৰ পৰা সেই অঞ্চলত ৰাইজে গছপুলি ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰিছে । বন বিভাগৰ কৰ্মচাৰীসকলেও ৰাইজৰ সৈতে হাতে কামে লাগিছে ।
উল্লেখ্য যে, যোৱা ১ জানুৱাৰীৰ নিশা আওচাংগাম বস্তিৰ সশস্ত্ৰ নগা দুস্কৃতিকাৰীয়ে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বগৰী চাপৰিত ১০০ৰো অধিক ফল আৰু মূল্যৱান গছ কাটি ধ্বংস কৰিছিল (Naga miscreants terror in Assam)। অসমৰ ভূমিত নগাই চলোৱা এই ধ্বংসলীলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সীমান্তবাসী অসমীয়া তথা বিভিন্ন দল-সংগঠন । নগাক অসমৰ এই ভূমি কোনো কাৰণতে এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰাৰ লগতে সেই ভূমি পুনৰ সেউজীকৰণৰ বাবে পণ লয় সীমান্তবাসী অসমীয়া লোকসকলে । সীমান্তবাসী অসমীয়াৰ এই সাহসী পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।
উল্লেখ্য যে মৰিয়নি সীমান্তৱৰ্তী দিচৈ ভেলী সংৰক্ষিত এলেকাক নগাই নিজৰ বুলি দাবী কৰি আহিছে (Dissoi Valley Reserve Forest)। যাৰ পৰিণতিত বিভিন্ন সময়ত নগাই সেই অঞ্চলত উপদ্ৰৱো চলাই আহিছে । অৱশ্যে নগাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈও সক্ষম হৈছে সীমান্তৰ অসমীয়াই ।