Accident in Sonari:সোণাৰিত ৰে'লৰ খুন্দাত নিহত ৰে'লৱেৰ শ্ৰমিক - Accident in Sonari

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:18 PM IST

সোণাৰি, ৬ ছেপ্টেম্বৰ: চৰাইদেউ জিলাৰ সোণাৰিৰ লংপটিয়া ৰে'ল ষ্টেচনত অঘটন । ৰে'লে মহতিয়ালে এজন ৰে'লৱে শ্ৰমিকক । ঠিকাদাৰৰ অধীনত ৰে'লৰ চিৰি বহুৱা কামত নিয়োজিত আছিল শ্ৰমিকজন । মৃত শ্ৰমিকজন নাহৰকটীয়াৰ মৃদু সোণোৱাল বুলি জানিব পৰা গৈছে । তীব্ৰবেগী ৰে'লে মহতীয়াই নিয়াৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে ।  

ইয়াৰ পিচতেই ৰে'ল আৰক্ষী আৰু সোণাৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা লগতে ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত । কিয়নো নিশা কাম বন্ধ আছিল । তেনে অৱস্থাত কেনেকৈ শ্ৰমিকজনক ৰে'লে খুন্দিয়াবলৈ পালে তাকে লৈ সৃষ্টি হৈছে ৰহস্য । 

লগতে পঢ়ক:Dilapidated Wood Bridge: এখন দলং বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কণ কণ শিক্ষাৰ্থীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.