Train blockede at Mazbat : মাজবাটত দূৰণিবটীয়া ৰে’ল ৰখোৱাৰ দাবীত ৰে’লপথ অৱৰোধ

By

Published : Jun 30, 2023, 2:23 PM IST

thumbnail

ৰৌতা,30 জুন: ওদালগুৰিৰ মাজবাটত ৰেল পথ অৱৰোধ । দুৰণিবটীয়া ৰেল মাজবাট ষ্টেচনত ৰখোৱাৰ দাবী আৰু ৰেল বিভাগৰ অন্তৰ্গত ৰাস্তা মেৰামতি কৰি দিয়াৰ দাবীত এই ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ন কৰে স্থানীয় লোকে । ৰাতিপুৱা স্থানীয় ৰাইজে শতাব্দী এক্সপ্ৰেছ অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে মাজবাট ৰে'ল ষ্টেচন । 

মাজবাট ষ্টেচনত দুৰণিবটীয়া ৰেল ৰখোৱাৰ লগতে পথচোৱা শীঘ্ৰেই মেৰামতি কৰি দিয়াৰ দাবী উত্থাপন কৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । ইফালে ৰেল অৱৰোধৰ 3 ঘন্টা হোৱাৰ পূৰ্বেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰ সৃষ্টি হয় । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক প্ৰতিবাদ স্থলীৰ পৰা ছত্ৰভংগ দিয়ে ।

আনফালে, ৰাইজৰ দাবীসমূহ মানি নল’লে আগন্তুক দিনত পুনৰাই ৰেল অৱৰোধৰ দৰে কাৰ্যসূচী হাতত লোৱা হ’ব বুলি বিভাগক সকীয়াই দিয়ে প্ৰতিবাদকাৰী ৰাইজে  ।

লগতে পঢ়ক : Ghograpar Police station case: আজি আদালতত হাজিৰ কৰোৱা হ’ব ঘগ্ৰাপাৰ কাণ্ডৰ অভিযুক্ত আৰক্ষী উপ পৰিদৰ্শকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.