Do not consume excessive water:গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দেহক নিদিব মাত্ৰাধিক পানীৰ বোজা - শীতল পানীয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 9, 2023, 3:07 PM IST

তেজপুৰ, 9 জুন : উস বৰ গৰম ! তেৰ বছৰৰ ভিতৰত এইবছৰৰ গৰমে দহি পুৰি নিছে সকলোকে ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিশ্চয়কৈ আপুনি সঘনাই পানী খাইছে ৷ বাহিৰত কৰ্মৰত সকলে শীতল পানী এটুপিৰ কাৰণে উধাতু খাই দৌৰিছে দোকানলৈ ৷ পিছে সাৱধান ! অত্যাধিক পানীয়ে কিন্তু বিপদো মাতিব পাৰে শৰীৰটোৰ বাবে ৷

গৰমত ঢোকে ঢোকে পানী খাইয়ো হয়তো আপোনাৰ হেঁপাহ পলোৱা নাই ৷ পিছে অত্যাধিক পানী খোৱাটো ভাল নহয় স্বাস্থ্যৰ পক্ষে  ৷ প্ৰয়োজনকৈ অধিক পানী খালে আপোনাৰ কিডনী আক্ৰান্ত হ’ব পাৰে বিভিন্ন ৰোগত (Excessive water that leads to kidney damage) ৷ আমাৰ শৰীৰৰ বাবে ২৪ ঘণ্টাত যিমান পানীৰ প্ৰয়োজন হয় সেই মাত্ৰাতে পানী খোৱা উচিত ৷ পিয়াহত যদি আপুনি অত্যাধিক পানী খাই দিয়ে, তেন্তে কিডনীত অত্যাধিক পানীয়ে চাপৰ সৃষ্টি কৰিব আৰু তেতিয়াই আপুনি আক্ৰান্ত হ’ব কিডনীৰ বিভিন্ন ৰোগত ৷ এই কথা আমি কোৱা নাই, বৃহস্পতিবাৰে শোণিতপুৰ জানেৰ্লিষ্ট ইউনিয়নৰ এক সংবাদ মেলত এই কথা সদৰী কৰে বিশিষ্ট ইউৰলজিষ্ট চিকিৎসক ডাঃ টিকেন্দ্ৰজিৎ মজুমদাৰে (Do not consume excessive water) ৷

উল্লেখ্য যে, নাৰায়ণা চুপাৰ স্পেচিয়েলিটী হাস্পতালৰ উদ্যোগত আয়োজন কৰা এই সংবাদ মেলত ডাঃ মজুমদাৰে লগতে কয় যে, গৰমৰ দিনত সঘনে কম কমকৈ পানী খোৱা অভ্যাস কৰা উচিত ৷ ভুলতো শীতল পানীয় অথবা তেনে ধৰণৰ বজাৰত সহজলভ্য যিকোনো ধৰণৰ পানীয় সেৱন কৰাটো অনুচিত ৷ নিমখ আৰু চেনি নিদিয়াকৈ নেমু চৰবত খোৱাৰ কথাহে তেওঁ উল্লেখ কৰে, যিহেতু চেনি নিমখো শৰীৰৰ বাবে ক্ষতিকাৰক ৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ডাৱৰ পানী, কুঁহিয়াৰ ৰস অথবা ফলৰ ৰস সেৱন কৰাটো ভাল ৷

লগতে পঢ়ক : Jhanji River: অস্বাভাৱিকভাৱে বৰণ সলনি হৈছে জাঁজী নৈৰ; মৃত্যু হৈছে মৎস্যকুলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.