thumbnail

By

Published : Feb 15, 2023, 2:03 PM IST

ETV Bharat / Videos

Tiwa Student Union Central Convention: তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন

মৰিগাঁও, ১৫ফেব্ৰুৱাৰী: অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰা হৈছে (Tiwa Student Union Central Convention)। গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰত অনুষ্ঠিত হ'ব সন্থাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় অধিৱেশনখনি (Session of All Assam Tiwa Students Union at Sonapur) । এই বিষয়ে সদৰি কৰিছে সদৌ তিৱা ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত কোঁৱৰে ।

জাগীৰোডৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলোত বুধবাৰে আয়োজিত এক সংবাদমেলত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত কোঁৱৰে এই বিষয়ে সদৰি কৰে । অহা ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা প্ৰতিষ্ঠা দিৱস আৰু কেন্দ্ৰীয় অধিৱেশনৰ সমান্তৰালভাৱে অধিৱেশনখনি বিফল কৰাৰ লক্ষ্যৰে একেই নামধাৰী আন এটা সংগঠনে নেলী মকৰীয়াত ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ আয়োজন কৰিছে আন এখন অধিৱেশনৰ । এই প্ৰসংগত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত কোঁৱৰে কয় যে সংগঠনৰ পৰা বহিস্কৃত ব্যক্তিৰ দ্বাৰা এই চক্ৰান্ত কৰা হৈছে । এনে কুচক্ৰান্তৰ কৱলত নপৰিবলৈ তেওঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ সৈতে জড়িত সকলক আহ্বান জনাইছে ।

আনটো তিৱা ছাত্ৰ সংগঠনক এক ৰাজনৈতি দলৰ হাথিয়াৰ ৰূপে বলপূৰ্বকভাবে নেলী অঞ্চলৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰশান্ত কোঁৱৰে । কংগ্ৰেছ দলৰ সমাজ বিৰোধী কেইজনমান পদবীলোভী স্বাৰ্থপৰ ব্যক্তিয়ে সদৌ তিৱা ছাত্র সন্থাৰ নামত পাঁচ দিনীয়াকৈ সংগঠনৰ প্ৰতিষ্ঠা দিৱস তথা অধিৱেশন আয়োজন কৰা বুলি উল্লেখ কৰি তেওঁ আশ্চৰ্য প্ৰকাশ কৰে । এনে পৰিপেক্ষিতত মধ্য অসমৰ অন্যতম জনজাতীয় ছাত্ৰ সংগঠন সদৌ তিৱা ছাত্ৰ সন্থাৰ মাজত বিভাজনে জটিল ৰূপ ধাৰণ কৰাটো স্পষ্ট হৈ পৰিছে ।   

লগতে পঢ়ক:Shraddha like murder in Delhi: দিল্লীত পুনৰ শ্ৰদ্ধা হত্যাৰ অনুৰূপ ঘটনা, প্ৰেমিকাক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিলে ফ্ৰীজত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.