Tiger Caged: মৰিয়নীত ওলাল বনৰজা, চাবলৈ হেতাওপৰা ৰাইজৰ - বাঘ চাবলৈ হেতাওপৰা ৰাইজৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:14 AM IST

যোৰহাট, 13 অক্টোবৰ : যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ কাকজান চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাৱদ্ধ হয় ৷ শুকুৰবাৰে পুৱা ভাগত পিঞ্জৰাৱদ্ধ হোৱা বাঘটোৱে কাকজান চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে বিচৰণ কৰি দীৰ্ঘদিন ধৰি পোহনীয়া হাঁহ, ছাগলী তথা পশুধন ভক্ষন কৰি ৰাইজক এক প্ৰকাৰ আতংকিত কৰি ৰাখিছিল । 

দীঘদিন ধৰি বাগিচা অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা বাঘটোক অৱশেষত শুকুৰবাৰে পুৱা বন বিভাগে পিঞ্জৰাৱদ্ধ কৰাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলবাসী ৰাইজে ৷ ইয়াৰ পিচতে পিঞ্জৰাৱদ্ধ বাঘটো চাবলৈ কাকজান চাহ বাগিচাত বহু লোকৰ সমাগম ঘটে । 

উল্লেখ্য যে, গিবন অভায়ৰণ্যৰ পৰা ওলাই অহা হাতী আৰু মানুহৰ সংঘাতৰ ঘটনা বাঢ়ি অহাৰ সমান্তৰালকৈ মৰিয়নীত মাজে মাজে সময়ে চাহ বাগিচা অঞ্চল আৰু সীমান্তৱৰ্তী এলেকাত বনৰজাই বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বাঘে ৰাইজৰ পোহনীয়া পশুধন খাই আতংকিত কৰি তোলাৰ লগতে ৰাইজৰ নিদ্ৰা হৰিছে ৷

লগতে পঢ়ক: Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.