Drugs in golaghat: গোলাঘাটত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ - drugs peddlers detained
🎬 Watch Now: Feature Video

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Raid against drugs)। গোলাঘাট আৰক্ষীয়েও জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । শনিবাৰে নিশাও গোলাঘাটত আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছৰ বিৰুদ্ধে (Golaghat police raid against drugs)। অভিযানত জব্দ বৃহৎ পৰিমাণৰ হেৰ'ইন । ৪০ টা কন্টেইনাৰত ভৰাই থোৱা অৱস্থাত জব্দ কৰে হেৰ'ইনখিনি । AS 01 AV 6600 নম্বৰ চাফাৰী গাড়ীখনেৰে ডিমাপুৰৰ পৰা উজনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমাণৰ হেৰ'ইনসহ তিনিজন (Drugs peddler arrested in Golaghat) । বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST