thumbnail

By

Published : Jan 7, 2023, 10:11 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Heroin Seized in Dima Hasao : ডিমা হাছাওত হেৰ’ইনসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

শনিবাৰে ডিমা হাছাও জিলাত আৰক্ষীয়ে অভিযান চলাই সন্দেহযুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drugs peddler arrested in Dima Hasao)। শনিবাৰে দিনৰ ভাগত পাহাৰীয়া জিলাখনৰ উপ-আৰক্ষী অধীক্ষক বৰকিৰি তেৰাঙৰ(DSP Borkiri Terang) নেতৃত্বত হাফলং থানাৰ(Haflong Police Station) ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়া, টিএছআই লখিন্দৰ শইকীয়া আৰু যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপল শইকীয়াৰ সহযোগত আৰক্ষীৰ এটা দলে জাতিংগা আৰু হাৰেংগাজাওৰ মাজত অভিযান চলাই তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ শিলচৰৰ পৰা আহি থকা এএছ ১১-৮০৮৩ নম্বৰৰ এখন অল্ট’ বাহনত তলাচী চলাই ৪২ টা কনটেইনাৰত ভৰাই থোৱা অৱস্থাত ২০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে (Heroin seized in Dima Hasao)৷ এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰ্বৰাহকাৰীকেইটা ক্ৰমে যশ ধাৰ, ৰাজদীপ বৰ্মনৰ লগতে এগৰাকী যুৱতী ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.