Dacoits arrested in Nagaon: মৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত তিনি কুখ্যাত ডকাইত

By

Published : Dec 4, 2022, 6:22 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
নগাঁৱৰ কাটিমাৰিত শনিবাৰে নিশা নগাঁও আৰক্ষী আৰু হয়বৰগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই তিনিটাকৈ কুখ্যাত ডকাইতক আটক কৰে(Dacoits arrested in Nagaon) । আটকাধীন ডকাইতকেইটা মফিজুল ইছলাম, আইনুদ্দীন আৰু টুৰা আলি বুলি জানিব পৰা হৈছে । ধৃত মফিজুল ইছলামৰ বাসগৃহৰ পৰা আৰক্ষীয়ে পিষ্টলসহ দুই জাঁই সজীৱ গুলী(Illegal weapon seized in Nagaon) আৰু নগদ ১ লাখ ৪০ হাজাৰ টকা জব্দ কৰে । কিছুদিন পূৰ্বে নগাঁৱৰ হুজ গাঁৱত পুৱতি নিশা হোৱা ডকাইতিকাণ্ডত ধৃত ডকাইত তিনিটা জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । আনহাতে টুৰা আলি স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.