cattle theft at Bokakhat : গোহালিতো সুৰক্ষিত নহয় গৰু, চোৰে লৈ গ’ল চাৰিটা

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 6:11 PM IST

thumbnail

গোলাঘাট, 8 নৱেম্বৰ : বোকাখাতত চোৰৰ উপদ্ৰৱ ৷ বোকাখাতৰ বিভিন্ন অঞ্চলত চোৰে অব্যাহত ৰাখিছে গৰু চুৰি কাৰ্য ৷ বুধবাৰে নিশা এটা পৰিয়ালৰ গোহালিৰ পৰা চোৰে লৈ গ’ল চাৰিটাকৈ গৰু ৷ গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ হৈছে সিমানে আৰক্ষীক চেলেঞ্জ দিছে গৰু চোৰ আৰু গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে ৷ ইফালে নিশাৰ ভাগত গোহালিতো সুৰক্ষিত অৱস্থাত নথকা হৈছে গৰু ৷

বুধবাৰে নিশাৰ ভাগত বোকাখাত লখৌজানৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান আনন্দ দাস নামৰ লোকজনৰ গোহালিৰ পৰা চোৰে লৈ গ’ল চাৰিটাকৈ গৰু ৷ ভূক্তভোগী পৰিয়ালৰ মতে, সন্ধিয়ালৈকে সকলো ঠিকে আছিল ৷ দানা-পানী খুৱাই গৰুকেইটা গোহালিত ৰাখিছিল ৷ কিন্তু পুৱা উঠি দেখে গোহালি খালী ৷

ঘটনা অনুসৰি, অৱসৰপ্ৰাপ্ত সেনা জোৱান দাসৰ গোহালিৰ পৰা তিনিজনী গাভিনী গাইসহ ৪ টকাকৈ গৰু চোৰে লৈ যায় ৷ এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে বোকাখাত আৰক্ষীক অৱগত কৰিছে ৷

লগতে পঢ়ক:Barpathar murder case: পত্নীক পলুৱাই নিয়া লোকক হত্যা কৰি পুখুৰীত পেলালে স্বামীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.