Police detain Thief: টীয়ক আৰক্ষীৰ জালত কোটি টকীয়া গভাইত চোৰ

By

Published : Aug 8, 2023, 2:28 PM IST

thumbnail

টীয়ক, 8 আগষ্ট : যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য । সোমবাৰে নিশা যোৰহাট আৰু টীয়কৰ আৰক্ষীয়ে মৰাণ আৰক্ষী থানাৰ সন্মুখত চলি থকা আৰক্ষীৰ নিয়মীয়া তালাচীত আটক হয় অংকুৰ দাস ৷ জানিব পৰা মতে, ধৃত অংকুৰ দাস টীয়কৰ লগতে বিভিন্ন স্থানত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত ৷

আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা মতে, সোমবাৰে নিশা পৰিয়ালসহ এখন বাহনত তিনিচুকীয়াৰ পৰা নিজ গৃহ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ শেনছোৱা পুখুৰী গাঁৱৰ অভিমুখে গৈ আছিল ৷ তেনে সময়তে আৰক্ষীৰ নিয়মীয়া তালাচীত মৰাণৰ পৰা আটক কৰা হয় অভিযুক্ত অংকুৰ দাসক ৷ সম্প্ৰতি যোৰহাট জিলাৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই টীয়ক আৰক্ষী থানাত ধৃত অংকুৰ দাসক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন অঞ্চলৰ লগতে যোৰহাট নগৰ, চৰাইদেউ আদিত সংঘটিত হোৱা চুৰিকাণ্ডৰ সৈতে অংকুৰ দাস জড়িত থকাৰ কথা নিজে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ আনহাতে, অভিযুক্ত অংকুৰ দাস আটক হোৱাৰ খবৰ পাই নিজৰ হেৰুৱা বস্তু বিচাৰি থানাত উপস্থিত হৈছে বহু লোক ৷

আৰক্ষীৰ ফালৰ পৰা জানিব পৰা মতে, ধৃত অংকুৰ দাসৰ পৰা আৰক্ষীয়ে বিলাসী বাহনকে ধৰি কেইবাখন বাহনো জব্দ কৰিছে । শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, মঙলবাৰে পুৱা ধৃত অংকুৰ দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : Crime in Nalbari: নলবাৰীৰ শনি ৰোডত গভাইত চোৰ আটক ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.