thumbnail

By

Published : Oct 21, 2022, 1:43 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Thief case in Moran: মৰাণত একেদিনাই দুটা স্থানত চুৰিকাণ্ড

মৰাণত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ(thief case increasing in moran)। নিশা নহয়, দিন দুপৰতে লকাৰ ভাঙি চোৰে লৈ গ'ল কেইবালাখ টকাৰ আ-অলংকাৰ । প্ৰাপ্ত খবৰ অনুসৰি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চ্যুকাফা নগৰৰ নিৱাসী সঞ্জীৱ গগৈ আৰু মধুস্মিতা গগৈৰ গৃহত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান । ঘৰত কোনো নথকাৰ সুযোগ লৈ এখন নীলা ৰঙৰ স্কুটী লৈ চোৰে প্ৰথম অৱস্থাত সঞ্জীৱ গগৈৰ ঘৰৰ কুকুৰটোক বিস্কুটত নিচাযুক্ত দ্ৰৱ্য মিহলাই দি অচেতন কৰি পেলায় আৰু কৌশলেৰে ভিতৰত প্ৰৱেশ কৰি আলমাৰীৰ লকাৰ ভাঙি দুই লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ লুটি লৈ যায় । ঘৰটোত চোৰ প্ৰৱেশ কৰা দৃশ্য বন্দী হৈ ৰৈছে চি চি টিভিত। ঘটনাৰ পাছতে ঘটনাস্থলীত মৰাণ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । আনহাতে লাচিত নগৰৰ ৰাম গগৈ পথস্থিত এটা ভাড়াঘৰত চোৰে তলা ভাঙি চুৰ কৰিলে প্ৰায় তিনি লাখ টকাৰ সোণৰ গহণা । কৰ্ম সূত্ৰে মুজিবুৰ ৰহমান আৰু তেওঁৰ পত্নীসহ দুটা সন্তানৰ সৈতে ভাড়াতীয়া হিচাপে লাচিত নগৰৰ ৰাম গগৈ পথত আছিল । আজি ৰেছবিন বেগমে নিজৰ সন্তান দুটাৰ লগত লৈ বজাৰলৈ বুলি ওলাই যোৱাৰ পিছত ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সকলো সোণৰ গহণা চুৰি কৰি লৈ যায় । দিন দুপৰতে দুটাকৈ সংঘটিত হোৱা এনে চুৰি কাণ্ডক লৈ শংকিত হৈ পৰিছে মৰাণৰ ৰাইজ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.