Thief arrested: ৰঙিয়াত চোৰক খুঁটাত বান্ধি উত্তম-মধ্যম - ৰঙিয়াত চোৰক খুঁটাত বান্ধি উত্তম মাধ্যম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/640-480-19734232-thumbnail-16x9-rangia-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 10, 2023, 10:12 PM IST
ৰঙিয়া,১০ অক্টোবৰ: ৰঙিয়া নগৰৰ ভট্টপাৰাত গভাইত চোৰক উত্তম মধ্যম । বিদ্যুতৰ খুঁটাত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান গভাইত চোৰক । একাংশ লোকৰ উত্তম-মধ্যম গভাইত চোৰক । ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা ৰঙিয়াৰ ভট্টপাৰাৰ নিবাসী কুমুদ কলিতাৰ ঘৰত চোৰে চলালে অভিযান । ঘৰৰ মূল্যবান সামগ্ৰী, ম'বাইল লৈ পলায়নৰ চেষ্টা চলাওতে ঘৰৰ গৰাকীয়ে উমান পালে চোৰৰ ।
ঘৰৰ গৰাকীয়ে চোৰটোক কৰায়ত্ব কৰিবলৈ চেষ্টা চলাওতেই লাগিল কেনা । ঘৰৰ অট্টালিকাৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰোতেই ৰাইজৰ হাতত কৰায়ত্ব হয় চোৰ । ঘটনাৰ উমান পাই দলেবলে ৰাইজ ওলাই আহি উত্তম-মধ্যম সোধাই প'ষ্টত বান্ধি আৰক্ষীক খবৰ দিয়ে । ৰাইজৰ ৰোষত পৰা অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে চোৰটোক । পিছত আৰক্ষীয়ে ধৃত চোৰটোক আটক কৰি ৰঙিয়া থানালৈ লৈ যায় ।
লগতে পঢ়ক: Accused arrested on rape charges: অৱশেষত গ্ৰেপ্তাৰ কিশোৰী ধৰ্ষণকাৰী