thumbnail

Syndicate in Assam: অসম কোনো ছিণ্ডিকেট নাই; ভূৱনেশ্বৰ কলিতা

By

Published : Aug 5, 2023, 5:33 PM IST

ৰঙিয়া, 5 আগষ্ট: অসম ছিণ্ডিকেট নাই ৷ এই দাবী ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ ৷ ৰঙিয়াত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিজেপিৰ বৰ্ষীয়ান নেতা গৰাকীয়ে কয় যে যদিহে ছিণ্ডিকেট আছে তেন্তে হ’লে পুলিচ প্ৰশাসনে তদন্ত কৰি ইয়াৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰিব ।  

ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ নাম ছিণ্ডিকেটত সাঙোৰ খোৱাৰ বিষয়ে মন্তব্য কৰি সাংসদ গৰাকীয়ে কয় যে ৰাজনৈতিক জীৱনত উত্থান-পতন থাকেই ৷ বিভিন্ন বিৰোধী দলে সুৰুঙা পালে অপবাদ দিবলৈ অহৰহ চেষ্টা কৰিয়েই থাকে । এইবোৰে বিশেষ ক্ষতি সাধন কৰিব নোৱাৰে ।  

আনহাতে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে বিয়পি পৰা ছিণ্ডিকেট সম্পৰ্কীয় অডিঅ’ ৰেকৰ্ডসমূহৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান সময়ত হাতে হাতে ম’বাইল হোৱাৰ পিচৰে পৰা সামাজিক মাধ্যমৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ৷ সামাজিক মাধ্যমৰ মুকলি মঞ্চত সকলো কথাই মুক্তভাৱে ৰখা হয় ৷ এটা স্মাৰ্ট ফোন থাকিলেই সকলোৱে নিজৰ মন্তব্য প্ৰকাশ কৰে ৷ কিন্তু এই মন্তব্য সমূহৰ বেছিভাগেই কোনো তথ্য ভিত্তিক নহয় । গতিকে এইবোৰ বিষয়ত মনোযোগ দিয়াৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক: Kamal Medhi Suspension Case : ভবেন চৌধুৰীৰ ষড়যন্ত্ৰ ! আদালতৰ কাষ চাপিল নিলম্বিত আপ নেতা কমল মেধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.