Theft incident: এইবাৰ চোৰৰ টাৰ্গেট প্ৰাক্তন সাংসদৰ বাসগৃহ

🎬 Watch Now: Feature Video

thumbnail

তেজপুৰ, ১৩ অক্টোবৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ এইবাৰ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ বাসগৃহত বৃহস্পতিবাৰে নিশা চোৰে চাফাই অভিযান চলায় ৷ তেজপুৰৰ গৰৈমাৰীস্থিত বাসগৃহটোত নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰে ৷ শৰ্মাৰ পৰিয়ালৰ পৰিৱৰ্তে ঘৰটোত মাত্ৰ এজন চকীদাৰহে আছিল ৷ যদিও ঘৰৰ চকীদাৰগৰাকীয়ে চুৰিকাণ্ড সংঘটিত হোৱাৰ কথা কোনো উমান নাপায় ৷

অৱশ্যে কি কি সামগ্ৰী লৈ চোৰে চুৰি কৰি লৈ গ’ল সেই বিষয়ে এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ইয়াৰ পিচতে প্ৰাক্তন সাংসদগৰাকীয়ে এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ কিন্তু এতিয়ালৈ চোৰৰ কোনো সন্ধান লাভ কৰা নাই ৷ এই ঘটনাই অঞ্চলটোৰ লোককো আতংকিত কৰিছে ৷

লগতে পঢ়ক: Teacher Arrested at Bihpuria: বিহপুৰীয়াত ভেটী লৈ জালত পৰিল দুই শিক্ষাগুৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.