Theft incident: বৰপেটাৰ বৰভিঠাত চোৰৰ চাফাই অভিযান; লুটি নিলে তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰী - Theft incident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-09-2023/640-480-19573722-thumbnail-16x9-theft-incident.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 21, 2023, 10:18 PM IST
বৰপেটা, ২১ ছেপ্টেম্বৰ: বৰপেটাৰ বৰভিঠাত চোৰৰ চাফাই অভিযান । একলগে দুখনকৈ দোকানত বুধবাৰে নিশা চোৰে চলালে চাফাই অভিযান । CCTV কেমেৰা ভাঙি হাৰ্ডডিক্সসহ তিনি লক্ষাধিক টকাৰ সা-সামগ্ৰী লুটি নিলে চোৰে ।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বৰভিঠা বজাৰত হানিফ আলীৰ গেলামাল দোকান আৰু আলিম আলীৰ হাৰ্ডৱেৰ দোকানত চোৰে চলালে চাফাই অভিযান । দিনক দিনে বৃদ্ধি পাই আহিছে উক্ত অঞ্চলটোত চোৰৰ সন্ত্ৰাস ৷ ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, বাসগৃহ একোৱেই সাৰি যোৱা নাই চোৰৰ পৰা ৷ আনকি এৰাল দিয়া ৰাস্তাৰ ছাগলী পৰ্যন্ত চোৰে লৈ গৈছে ।
ড্ৰাগছৰ দৰে ৰাগিয়াল বস্তু বৃদ্ধি হোৱাৰ বাবে দিনক দিনে চুৰি কাৰ্য বৃদ্ধি পাইছে বুলি একাংশই মত প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত গেলামালৰ দোকানৰ স্বত্বাধিকাৰীয়ে তাৰাবাৰী থানাত অৱগত কৰিছে বুলি জানিবলৈ দিছে । ইতিমধ্যে তাৰাবাৰী থানাৰ আৰক্ষী উপস্থিত ঘটনাৰ বুজ হৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Theft at Chenga: চেঙাত দিন দুপৰতে চোৰৰ চাফাই অভিযান