Theft incident: ঘৰৰ সকলো একেলগে ওলাই যোৱাৰ আগতে এশবাৰ ভাবক - চোৰ চলাই চুৰিকাণ্ড
🎬 Watch Now: Feature Video
Published : Oct 25, 2023, 4:13 PM IST
ধেমাজি, 25 অক্টোবৰ : কষ্টোপাৰ্জিত ধনেৰে মানুহে ঘৰ এখন সাজে, বয়-বস্তুৰে সজাই-পৰাই লয় আৰু মানুহৰ নামত কলংক একাংশই চুৰি কৰি সেই ঘৰখন ভাঙি থৈ যায় ৷ এই বেদনা কেৱল ভুক্তভোগীয়েহে বুজিব পাৰে ৷ আগতে চোৰ ৰাতি ঘূৰিছিল, কিন্তু এতিয়া চোৰে কেৱল ঘৰত গৃহস্থ নথকালৈহে ৰৈ থাকে ৷ ভয় নাই চিচি টিভি লৈয়ো ৷
বিজয়া দশমীৰ আনন্দ উচাহৰ মাজতে ধেমাজিৰ মাছখোৱা মাজগাঁৱত চোৰে চলালে চাফাই অভিযান ৷ দশমী দিনা ধেমাজিৰ মাছখোৱা মাজগাঁৱৰ হাঁহিৰাম দাসৰ ঘৰত দিন দুপৰতে চোৰে চলাই চুৰিকাণ্ড ৷ জানিব পৰা মতে, হাঁহিৰাম দাস, পত্নী পুত্ৰ আৰু বোৱাৰীয়েকৰ সৈতে ঢকুৱাখনাত ফুৰিবলৈ যোৱাৰ সময়তে চোৰে পিছফালৰ দুৱাৰ খুলি ঘৰৰ কাপোৰ-কানি সমস্ত খুচৰি পেলায় ৷ ট্ৰাংক আলমাৰি সকলো ভাঙি লুটপাত কৰে ৷ লক্ষাধিক টকাৰ সোণৰ গহণা, টকা-পইচা আৰু মূল্যবান সামগ্ৰী লৈ উধাও হয় চোৰ ৷
লগতে পঢ়ক : Theft incident:ডেম্পত চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ