গোলাঘাটৰ ঢেকীয়ালত বিদ্যালয়ত চোৰৰ চাফাই অভিযান - Burglary at school in Golaghat
🎬 Watch Now: Feature Video


Published : Dec 4, 2023, 7:50 PM IST
গোলাঘাট, ৪ ডিচেম্বৰ : গোলাঘাট জিলাৰ ঢেকীয়ালত চোৰৰ সন্ত্ৰাস । জিলাখনৰ ঢেকীয়ালৰ দুই শিক্ষানুষ্ঠান ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঢেকীয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত চুৰি কাৰ্য সংঘটিত হয় । দুয়োখন শিক্ষানুষ্ঠানৰ পৰা চোৰে চুৰি কৰিলে চি চি কেমেৰা, পানীৰ টেপ আদি । তদুপৰি চোৰে ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বহু কেইখন ফেন ভাঙি নষ্ট কৰি থৈ যায় ।
শনিবাৰে বিদ্যালয় সমূহ অসম দিৱসৰ বাবে বন্ধ হৈ আছিল । সেই সময়তে চুৰিকাৰ্য সংঘটিত হয় । ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি গগৈৰ এজাহাৰৰ ভিত্তিত স্থানীয় ঢেকীয়াল আৰক্ষী চকীয়ে চলাইছে অনুসন্ধান । স্থানীয় ৰাইজে চোৰক কৰায়ত্ব কৰিবলৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক দাবী জনাইছে ।
লগতে পঢ়ক:মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা