thumbnail

By

Published : Jan 8, 2023, 10:36 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Teachers went on picnic: পাঠদানলৈ পিঠি দি খোলা বাৰতে অধ্যক্ষাসহ শিক্ষক-শিক্ষয়িত্ৰী বনভোজ যাত্ৰা

প্ৰায় 30 গৰাকীৰো অধিক শিক্ষক-শিক্ষয়ত্ৰী থকা এখন বিদ্যালয় ৷ কিন্তু শনিবাৰৰ দিনটোত বিদ্যালয়খনত উপস্থিত আছিল মাত্ৰ 5 গৰাকী শিক্ষয়ত্ৰী ৷ শনিবাৰৰ দিনটোত 5 গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু এজন বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যক অধ্যক্ষাই দায়িত্ব দি বনভোজ খাবলৈ গ’ল বাকী শিক্ষক-শিক্ষয়ত্ৰীসকল (AHSS teachers went on picnic) ৷ বঙাইগাঁও জিলাস্থিত লেংটিছিঙা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা (Adarsh Higher Secondary School) ৷ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ থকা ছাত্ৰ-ছাত্ৰীসকলক পাঁচগৰাকী শিক্ষকে কি দৰে পাঠদান কৰিলে সেয়া এক ডাঙৰ প্ৰশ্নবোধক চিন ৷ ইফালে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যই উপায়ন্তৰ হৈ নাম মাত্ৰ পাঠদান কৰি উপস্থিত শিক্ষাৰ্থীক লৈ কোনোমতে পাৰ কৰিলে শনিবাৰৰ দিনটো (AHSS teachers absent from duty) ৷ গুণোৎসৱত ৰাজ্যখনৰ ভিতৰত ৩৬তম স্থানত সীমাৱদ্ধ থকা বঙাইগাঁও জিলাত এইবাৰো যে বিশেষ উন্নতি কৰিব নোৱাৰিব এয়াই হৈছে তাৰ এক জলন্ত উদাহৰণ ৷ বিদ্যালয়খনৰ অধ্যক্ষা নিবেদিতা দাসে কেৰেপ নকৰে চৰকাৰ কিম্বা শিক্ষা বিভাগক । ছাত্ৰ-ছাত্ৰী অবিহনে তথা শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী নোলোৱাকৈ বনভোজৰ নামত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে প্ৰমোদ ভ্ৰমণ কৰা কাৰ্যক লৈ শৈক্ষিক মহলত চৰ্চা হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.