thumbnail

Arms recovered : তেজপুৰত পিষ্টল সহ দুজন যুৱক গ্ৰেপ্তাৰ

By

Published : Oct 12, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

তেজপুৰ আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীৰ জালত দুই অস্ত্ৰধাৰী যুৱক । যুৱক দুজনৰ পৰা পিষ্টল আৰু চাৰি জাই গুলী উদ্ধাৰ (Two arrested with pistol in Tezpur)। তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত তেজপুৰ বটামাৰি তেল ডিপোত পিষ্টলসহ যুবক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বটামাৰিৰ কংভেঞ্চন চেন্টাৰৰ সমীপত থকা তেল ডিপোত তেল ভৰাবলৈ আহি তেল ভৰাই থকা অৱস্থাতে বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে যুবক দুজনক গ্ৰেপ্তাৰ কৰে (Two youth arrested in Tezpur with arms)। ধৃত যুবক দুজনৰ হাতৰ পৰা এটা অনুজ্ঞাপত্ৰ বিহীন পিষ্টল আৰু গুলী উদ্ধাৰ কৰে । তেজপুৰৰ পাঁচমাইল অঞ্চলৰ ধৃত যুবক দুজনৰ নাম আছাফুল ইছলাম আৰু ছাহজাহান আলী বুলি জানিব পৰা গৈছে । এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেলত আহিছিল যুৱক দুজন । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.