হোজাই জিলা প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকৰ দুঘন্টীয়া ধৰ্ণা - সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজ
🎬 Watch Now: Feature Video
Published : Nov 22, 2023, 4:17 PM IST
হোজাই, ২২ নৱেম্বৰ: হোজাই জিলাৰ লংকাৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ চৌহদত হোজাই জিলা প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । সকলো ঠিকাভিত্তিত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে শিক্ষক সমাজে উক্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসম চৰকাৰে ঠিকাভিত্তিক টেট শিক্ষক সকলে নতুনকৈ নিযুক্তি প্ৰদান কৰি নিয়মীয়াকৰণৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাত অসন্তুষ্টি প্ৰকাশ কৰিছে ঠিকাভিত্তিক টেট শিক্ষক সকলে ৷ প্ৰতিবাদকাৰীসকলে 'শিক্ষক আজি জাগিছে','প্ৰতিশ্ৰুতি ৰক্ষা কৰক, 'আমাৰ অভিজ্ঞতাৰ মূল্য দিয়ক' আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । এই ধৰ্ণা কাৰ্যসূচীৰ অন্তত এখন দাবীসম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:Zubeen garg : লণ্ডনৰ পৰা ভিডিঅ’ শ্বেয়াৰ কৰি খুহুতীয়া ইংৰাজীৰে আমোদ দিলে জুবিন গাৰ্গে, চাওক ভিডিঅ’