বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে মূৰে কঁপালে হাত দিছে সোণাৰিৰ কৃষকে - Terror of Wild Elephant at Sonari

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 29, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চৰাইদেউ জিলাৰ সোণাৰিতো চলিছে বনৰীয়া হাতীৰ তাণ্ডৱ (Terror of Wild Elephant at Sonari)৷ সোণাৰিৰ ১৪ নং ৱাৰ্ডৰ থুকুবিলত নিশা বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে খেতিপথাৰ (Paddy field destroyed by wild elephant)৷ অভয়াপুৰ বনাঞ্চলৰ পৰা নামি অহা প্ৰায় ৩৫/৪০ টা হাতীৰ জাকটোৱে স্থানীয় খেতিয়কৰ প্ৰায় ১৫ বিঘাৰো অধিক খেতিৰ ভূমি নষ্ট কৰে ৷ ৰাইজে জানিবলৈ দিয়া মতে, খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটো দিনত কাষতে থকা চাহ বাগিচাত আশ্ৰয় লৈ থাকে আৰু নিশা হ’লেই খেতি পথাৰলৈ ওলাই আহে ৷ প্ৰতিবছৰে কৃষক সকলক বনৰীয়া হাতীৰ বৃহৎ জাকে খেতি পথাৰ অনিষ্ট কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই । ৰাইজে জিলা প্ৰশাসনক বনৰীয়া হাতীৰ বৃহৎ জাকটোক অভয়পুৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.