thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:30 AM IST

ETV Bharat / Videos

Tense situation : কৰ্তব্যত ফাঁকি দি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধান শিক্ষক, প্ৰশ্ন সুধিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ

মৰিগাঁও, 12 অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰিঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ লোচনাবৰী মজলীয়া বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ জানিব পৰা মতে বুধবাৰে লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত লোচনাবৰী মজলীয়া বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি নিৰ্বাচন চলি আছিল। পূৰ্বতে চাউল চুৰিৰ অভিযোগত নিলম্বিত সভাপতি ইক্ৰামুল হুছেইনে এইবাৰো সভাপতি নিৰ্বাচনত অৱতীৰ্ণ হয়। ইয়াৰ পিচতে ইক্ৰামুল হুছেইনৰ হৈ আন এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ইক্ৰামুলৰ ভাতৃ ছফিকুল ইছলামে নিজ কৰ্তব্যক ফাঁকি দি ব্যস্ত হৈ পৰিছিল নিৰ্বাচনী প্ৰচাৰত।

তাৰ পিচতেই সাংবাদিকৰ কেমেৰা দেখি উত্তেজিত হৈ পৰে প্ৰধান শিক্ষক ছফিকুল হক। তেওঁক প্ৰশ্ন কৰিবলৈ অহা সাংবাদিকক প্ৰধান শিক্ষকজনে দুৰ্ব্যৱহাৰ কৰাত লোচনাবৰী মজলীয়া বিদ্যালয়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে । এই ঘটনাৰ খবৰ পাই আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।  বিতৰ্কিত প্ৰধান শিক্ষকগৰাকীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়ে আৰক্ষীয়ে । এই ঘটনাই ৰাজ্যৰ শিক্ষাখণ্ডৰ ব্যৱস্থাটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.