adulteration of fuel: পেট্ৰ’ল পাম্পত ডিজেলৰ পৰিৱৰ্তে ওলাল পানী - Adulteration of fuel at petrol pump in Mangaldoi
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 3:32 PM IST
মঙলদৈ, 1 ছেপ্টেম্বৰ: মঙলদৈৰ পুনিয়াস্থিত পেট্ৰ’ল পাম্পত বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডিজেলৰ সলনি পানী ওলোৱাৰ বাবেই উত্তেজিত হৈ পৰে একাংশ লোক। পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীৰ সৈতেও হতাহতি লাগে গ্ৰাহকৰ।
ঘটনাৰ বিৱৰণী অনুসৰি, মঙলদৈৰ পুনিয়াত থকা Mangaldoi Service Station নামৰ Indian Oil ৰ পেট্ৰ’ল ডিপোটোত নিশা একাংশ লোকে গাড়ীত তেল ভৰাইছিল। কিন্তু তেল ডিপোটোত তেল ভৰোৱাৰ পিছতে বহু কেইখন গাড়ী অচল হৈ পৰে। বিশেষকৈ ডিজেলৰ ক্ষেত্ৰত বেছি অসুবিধাৰ সন্মুখীন হয় গ্ৰাহকসকল। এখন দুখনকৈ কেইবাখনো গাড়ীত একে সমস্যা হোৱাৰ পিচতে গ্ৰাহকে নিজেই ডিজেল উলিয়াই চাই সেইয়া ডিজেলৰ পৰিবৰ্তে পানীযুক্ত ডিজেল বুলি চিনাক্ত কৰে।
পাম্পৰ পৰা ডিজেলৰ সৈতে পানী ওলোৱাৰ পিচতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। লগে লগে ডিপোটোত মঙলদৈ থানাৰ আৰক্ষী উপস্থিত হোৱাৰ পিচতহে পৰিস্থিতি কিছু নিয়ন্ত্ৰিত হয় ৷
এই ঘটনাৰ পিচতে যোগান বিভাগৰ লোক উপস্থিত হৈ ডিজেলৰ নমুনা সংগ্ৰহ কৰে ৷ সম্প্ৰতি পাম্পটোত ডিজেলৰ বিক্ৰী বন্ধ কৰি ৰখা হৈছে ৷
লগতে পঢ়ক: Fake CBI officer Robbery: চিবিআইৰ ভুৱা পৰিচয়েৰে ফ্লেটত লুটপাত, এগৰাকী মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড