Amrit Sarovar at Majuli: মাজুলী দক্ষিণপাট কুমাৰ গাঁৱত অমৃত সৰোবৰ নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি - Amrit Sarovar in Dakshinpat Panchayat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 26, 2023, 1:16 PM IST

 মাজুলী,২৬ ফেব্ৰুৱাৰী: সত্ৰ নগৰী মাজুলীৰ দক্ষিণপাট পঞ্চায়তৰ অন্তৰ্গত কুমাৰ গাঁৱত অমৃত সৰোবৰ নিৰ্মাণক কেন্দ্ৰ কৰি শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense over construction of Amrit Sarovar at Majuli)। দক্ষিণপাট পঞ্চায়তখনৰ অন্তৰ্গত কুমাৰ গাঁও, উপৰ চু‌মৈমাৰি গাঁৱৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ ওলাই আহিল ৰাজপথলৈ (Amrit Sarovar in Dakshinpat Panchayat)। 

অতি পুৰণি তথা পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী বোকাবিলত স্থানীয় ৰাইজে কোনো কাৰণতে অমৃত সৰোবৰ নিৰ্মাণ হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিছে । ইয়াকে লৈ বিগত কেইবাদিন ধৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । অমৃত সৰোবৰ নিৰ্মাণ সন্দৰ্ভত পৰ্যৱেক্ষণ তথা জোখ-মাখ আদিৰ বাবে প্ৰস্তুতি চলোৱাৰ বিষয়ে ৰাইজে জানিব পৰাৰ পিছতেই ইয়াকে কেন্দ্ৰ কৰি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় । শনিবাৰে ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হোৱাৰ পিচতেই জিলা উপাযুক্ত ঘটনাস্থলীত উপস্থিত হয় ।

প্ৰথম অৱস্থাত ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হয় আৰক্ষীৰ লগতে অতিৰিক্ত উপায়ুক্ত, খণ্ড উন্নয়ন বিষয়া আদি । তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও ৰাইজে নিজৰ মততেই আঁকোৰগোজ হৈ থাকে । শেষত জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ অভিযোগৰ বিষয়ে বুজ লয় । তেওঁ নতুন ঠাইত অমৃত সৰোবৰটো নিৰ্মাণ কৰিব পাৰি নেকি সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কোৱাতহে ৰাইজ শান্ত হয় ।  

স্থানীয় লোকসকলে উল্লেখ কৰা অনুসৰি এই বোকাবিলত মাছ ধৰি অঞ্চলটোৰ শতাধিক পৰিয়ালে জীৱিকা নিৰ্বাহ কৰি আহিছে (Bokabil in Majuli)। ইয়াত যদি অমৃত সৰোবৰ নিৰ্মাণ কৰা হয় তেতিয়া এই শতাধিক পৰিয়ালৰ জীৱীকালৈ আহিব ভাবুকি । ইয়াৰ উপৰি পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী হিচাপে খ্য়াত এই বিলখনত যদিহে অমৃত সৰোবৰ নিৰ্মাণ কৰে তেতিয়া পৰিভ্ৰমী চৰাই সমূহৰ আগমন নোহোৱা হ'ব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । সেয়েহে এই স্থানত কোনো কাৰণতে অমৃত সৰোবৰ নিৰ্মাণ কৰিব নিদিয়ে বুলি হুংকাৰ দিছে । 

Kaziranga National Park: প্ৰয়োজন মাথোঁ সাহসৰ; কাজিৰঙাত বনৰীয়া ম’হে খেদি পঠিয়ালে বনৰজাক 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.