Minor drowned in River : নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ - নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2023, 6:06 PM IST

ধেমাজি, 24 জুলাই : ৰাজ্যজুৰি শাম কটা নাই বান পৰিস্থিতি ৷ বানৰ ফলত এতিয়াই কেইবাখনো জিলাত ফেনে ফুটুকাৰে বাঢ়িছে নদীৰ জলপৃষ্ঠ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দীৰ্ঘদিন ধৰি নৈৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত গা ধুবলৈ কণ কণ শিশুকে ধৰি বহু লোকেৰ সলিল সমাধি ঘটা বাতৰি প্ৰচাৰ হৈ আহিছে ৷ 

এইবাৰ ধেমাজি জিলাৰ কুমটীয়া নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটে এগৰাকী কিশোৰীয়ে ৷ ঘটনা অনুসৰি দেওবাৰে ধেমাজিৰ জীয়াঢল-কুমতীয়া পথাৰত ভূঁই ৰুই আহি নৈত গা ধুবলৈ আহিছিল কিশোৰীগৰাকী, মাতৃ আৰু কেবাগৰাকীও লোক ৷ গা ধুই থাকোঁতেই তললৈ পিচল খাই পৰে কিশোৰীগৰাকী ৷ কিশোৰীগৰাকীক মাতৃয়ে বচাবলৈ চেষ্টা কৰিছিল যদিও মৃত্যুক আকোঁৱালি লয় ৷ 

14 বছৰীয়া বিউটি সোণোৱাল নৱদীপ্তি ৰতুৱা হাইস্কুলৰ অষ্টম মানৰ ছাত্ৰী আছিল ৷ সুখমল সোণোৱালৰ একমাত্ৰ কন্যা বিউটিক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসায়লৈ ভৰ্তি কৰোৱা হয় যদিও জানিব পৰা মতে বাটতে শেষ নিশ্বাস ত্যাগ কৰে বিউটিয়ে ৷ কিশোৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ 

লগতে পঢ়ক: Dhemaji flood: বানবিধ্বস্ত লৌগুটি গাঁও, কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.