লংকাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্য়ু
🎬 Watch Now: Feature Video
হোজাই জিলাৰ লংকাত অঘটন । জিলাখনৰ ডালমিয়া চিমেন্ট কোম্পানীৰ(Dalmia Cement Company)সমীপত সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ুমুখত(Teenager death due to electrocution in Lanka) পৰে এজন কিশোৰ। ঘটনাৰ বিৱৰণী অনুসৰি ২নং পিপলপুখুৰীত কৰণ চৌহান নামৰ কিশোৰজনৰ অকস্মাতে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হোৱাৰ পিছতেই মৃত্য়ু হয় । ১২ বছৰীয়া ছাত্ৰজনৰ মৃত্য়ুৰ পিছতেই স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ক্ষুব্ধ ৰাইজে ডালমিয়া চিমেন্ট কোম্পানীটোৰ ছ'লাৰ প্লেন্টৰ উন্মূক্ত তাঁৰত লাগি ছাত্ৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে । উক্ত ঘটনাটোৰ পিছত ৰাইজে আৰক্ষীক খবৰ দিয়ে । কিছু সময় পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । ৰাইজে ডালমিয়া চিমেন্ট কোম্পানীৰ বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST