Minor boy missing: বুঢ়ীদিহিঙত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ কিশোৰ সন্ধানহীন - প্ৰতিমা বিসৰ্জন দিবলৈ গৈ কিশোৰ সন্ধানহীন
🎬 Watch Now: Feature Video


Published : Sep 19, 2023, 9:36 PM IST
নাহৰকটীয়া, ১৯ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বুঢ়ীদিহিং নৈত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সন্ধানহীন হয় এগৰাকী কিশোৰ । যুৱকজন জয়পুৰ নক্টে গাৱঁৰ ৰুবুল চবৰ বুলি জানিব পৰা গৈছে। অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে মঙলবাৰে পুৱা চাৰি সতীৰ্থৰ সৈতে মনসা পূজাৰ ঘট বিসৰ্জন দিবলৈ বুলি নাহৰকটীয়াৰ বুঢ়ীদিহিং নদীৰ উত্তম মাটি ঘাটলৈ গৈছিল ৷ তাৰ পিচতে প্ৰতিমা বিসৰ্জনৰ মাজতেই লগৰীয়াৰ সতে বুঢ়ীদিহিঙত গা ধুবলৈ নামে কিশোৰটোৱে ৷
কিন্তু নদীৰ সোঁতত কিশোৰটো নিখোঁজ হৈ পৰে ৷ লগে লগে স্থানীয় লোকে কিশোৰটো নিখোঁজ হোৱাৰ সন্দৰ্ভত খবৰ দিয়ে ৷ ইয়াৰ পিচতেই ঘটনাস্থলীত জয়পুৰ আৰক্ষী উপস্থিত হয় সোধা-পোচা কৰে ৷ ইতিমধ্যে যুৱকজনক বিচাৰি এছডিআৰএফে অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।
বিশ্বকৰ্মা পূজা আৰু গণেশ চতুৰ্থীৰ আনন্দ উল্লাসৰ মাজতে প্ৰতিমা বিসৰ্জনৰ বাবে গৈ বুঢ়ীদিহিঙৰ বুকুত কিশোৰ নিখোঁজ হোৱাৰ খবৰে এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক: Chain snatchers: মহিলাৰ ডিঙিৰ চেইন থপিয়াওঁতেই ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ