টিউটৰক শিক্ষকৰ সমমৰ্যদা প্ৰদানৰ দাবীত উত্তাল চচল - protest in guwahati

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:58 PM IST

গুৱাহাটী, ২৭ ডিচেম্বৰ: টিউটৰ সকলকো শিক্ষকৰ সমমৰ্যদা প্ৰদানৰ দাবীত টিউটৰ সন্থাৰ প্ৰতিবাদত পুনৰ উত্তাল চচলৰ ধৰ্ণাস্থলী । সদৌ অসম প্ৰাদেশিকীকৃত হাইস্কুল টিউটৰ (শিক্ষক) সন্থাৰ আহ্বান মৰ্মে চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা শিক্ষক সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

প্ৰতিবাদী টিউটৰ (শিক্ষক)সকলে শীঘ্ৰে টিউটৰৰ পৰা শিক্ষকৰ মৰ্যদা প্ৰদান কৰা, দৰমহা বৃদ্ধি , গ্ৰেছ্য়ুইটি প্ৰদান, ২০১৭-১৮ আইন সংশোধন, অৱসৰৰ দহ লাখ টকা মোকলাই দিয়া আদিকে ধৰি তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে । প্ৰতিবাদী শিক্ষকসকলে টিউটৰ সকলৰ শৈক্ষিক দিশত অৰ্হতা থকাৰ পিছতো আজিলৈ তেওঁলোকক চৰকাৰে কিয় শিক্ষকৰ মৰ্যদা প্ৰদান কৰা নাই সেই লৈ ক্ষোভ উজাৰে। প্ৰতিবাদী শিক্ষক সকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক:ৰাম মন্দিৰে আনন্দিত কৰি তুলিছে গুৱাহাটীৰ এগৰাকী মহিলাক, সুঁৱৰিলে 40 বছৰ পূৰ্বৰ স্মৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.