Tea worker injured : মৰিয়নী দিচৈ চাহ বাগিচাত অঘটন; কলঘৰৰ পুৰণি কলীয়া মেচিন পৰি আঘাতপ্ৰাপ্ত শ্ৰমিক

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:48 PM IST

thumbnail

যোৰহাট, 7 নৱেম্বৰ : মৰিয়নীৰ চাহ বাগিচাৰ কলঘৰত পুনৰ অঘটন । মৰিয়নী দিচৈ চাহ বাগিচাত কৰ্মৰত অৱস্থাত ঘাঁহ কটা মেচিন (জংঘল জিম) পৰি এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত শ্ৰমিকজনৰ নাম ৰুহিত তাঁতী ৷ জানিব পৰা মতে, ৰুহিত তাঁতীয়ে বাঁও ভৰি আৰু বাঁও হাতত আঘাত পায় ৷

শ্ৰমিকজনে উল্লেখ কৰা অনুসৰি, মঙলবাৰে পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাতে কলঘৰৰ ভিতৰত থকা ঘাঁহ কটা এটা মেচিন বাগৰি পৰে শ্ৰমিকজনৰ গাত । দৈব্যক্ৰমে প্ৰাণ ৰক্ষা পৰে কলঘৰত কৰ্মৰত শ্ৰমিকজনৰ । অৱশ্যে শ্ৰমিকজনে হাত আৰু ভৰিত কষ্ট পায় ৷ পৰৱৰ্তী সময়ত আহত শ্ৰমিকজনক বাগিচা কৰ্তৃপক্ষই চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমান আহত শ্ৰমিকজনৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

তাৎপৰ্যপূৰ্ণ যে, যোৰহাট জিলা অন্তৰ্গত তিতাবৰ আৰু মৰিয়নী চাহ বাগিচা কলঘৰত কৰ্মৰত অৱস্থাত কেবাজনো শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লগতে এজন শ্ৰমিকে চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি ল'ব লগাত পৰিছিল ৷ ইমানৰ পিচতো বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ নিৰাপত্তা দিশটোৰ প্ৰতি ভেঙুচালি কৰি অহা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যাৰ ফলতে দিচৈ চাহ বাগিচাৰ কলঘৰত এনেধৰণ ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ কৰে একাংশ লোকে ৷

লগতে পঢ়ক : Diwali 2023 : দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰু শিল্পীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.