Sexual assault with woman: মহিলাৰ শ্লীলতা হানিৰ চেষ্টা চলাই লপা থপা খালে টাইপা নেতাই - TAYPA President sexually harassed woman
🎬 Watch Now: Feature Video
মাজ ৰাস্তাতে মহিলাৰ চেণ্ডেলৰ চৰ খালে টাই আহোম যুৱ পৰিষদৰ মহানগৰ সমিতিৰ সভাপতিয়ে ৷ চাকৰি দিয়াৰ প্ৰলোভনেৰে পুনৰ মহানগৰীত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিল টাই আহোম যুৱ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি নিতুল বৰগোঁহাই (TAYPA President sexually harassed woman) ।
লেণ্ডম ফাউণ্ডেচন নামৰ এটি NGO খুলি তাত চাকৰি দিম বুলি নিজ ঘৰলৈ মাতিছিল এগৰাকী যুৱতীক । সেই অনুসৰি, শনিবাৰে কাহিলীপাৰাৰ মৰ্ডান স্কুলৰ ওচৰৰ গৃহ নম্বৰ ৩১ ত উপস্থিত হৈছিল ভুক্তভোগী যুৱতীগৰাকী । তাৰ পিচতেই চাকৰি দিয়াৰ নামত ভুক্তভোগী যুৱতীগৰাকীক শাৰীৰিকভাৱে শ্লীলতা হানিৰ চেষ্টা কৰে নিতুল বৰগোঁহাইৰ বিৰুদ্ধে (Sexual assault with woman) ৷
পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী যুৱতীগৰাকীয়ে অৱগত কৰে পৰিয়ালৰ লোকক ৷ তাৰ পাচতেই ভুক্তভোগী যুৱতীগৰাকীয়ে বন্ধুবৰ্গক মাতি আনি লপা-থপা দি নিতুল বৰগোঁহাইক বশিষ্ঠ আৰক্ষীৰ হাতত গতাই দিয়ে (TAYPA President detain for sexual assault with Married woman) ৷ সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷