Oil smuggling in Tinsukia: তিনিচুকীয়াত পুনৰ চোৰাং তেল ভৰ্তি টেংকাৰ জব্দ; আটক এজন
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 15 জুন: তিনিচুকীয়া জিলাত অব্যাহত আছে চোৰাং তেলৰ বেহা ৷ মাত্ৰ কিছুদিন পূৰ্বে চোৰাং তেল সৰবৰাহৰ সৈতে জড়িত এটা বৃহৎ চক্ৰ উৎখাত কৰাৰ পাচত পুনৰ তিনিচুকীয়াত জব্দ কৰা হ’ল চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ ৷ বৃহস্পতিবাৰে পুৱতি নিশা মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি বৰুৱা নেতৃত্বৰ চলা এক অভিযানত জব্দ কৰা হয় খাৰুৱা তেলভৰ্তি ট্ৰাকখন ৷ মাকুম বাইপাছ পথৰ পৰা জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-06 AC-1691 ৷
জানিব পৰা মতে চোৰাং খাৰুৱা তেলৰ চুৰি চক্ৰই তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত শুকানপুখুৰীৰ অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ক্ৰুড অইল পৰিবাহী পাইপৰ পৰা ট্ৰেপিং কৰি টেংকাৰখনেৰে সৰবৰাহ কৰিছিল ৷ কিন্তু আৰক্ষীয়ে খেদি খেদি ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে ৷ টেংকাৰখনৰ চালকজনৰ নাম বঙাইগাঁৱৰ নিবাসী বুদ্ধি দাস(26) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়ক: SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল