Tai ahom students union protest:টাই আহোম ছাত্ৰ সন্থাই জ্বলালে যোগান মন্ত্ৰীৰ পুত্তলিকা - পুত্তলিকা দাহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-07-2023/640-480-18946996-thumbnail-16x9-tinsukia.jpg)
তিনিচুকীয়া, ৮ জুলাই : আহোম জনগোষ্ঠীক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে শনিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিত টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুত্তলিকা দাহৰ সময়ত বিজেপি হায় হায়, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস লেই-লেই ছেই-ছেই, ৰণজিৎ দাস নিপাত যাওক, মন্ত্ৰী ৰণজিৎ দাসে ক্ষমা খোজক, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদৰ জৰিয়তে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক নয়ন বুঢ়াগোহাঁই কয় যে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আহোম জনগোষ্ঠীৰ ওপৰত কৰা বিৰূপ মন্তব্যৰ বাবে অতি শীঘ্ৰে আহোম জনগোষ্ঠীৰ পৰা ক্ষমা খোজক, অন্যথা তিনিচুকীয়া জিলাত মন্ত্ৰীগৰাকীৰ প্ৰবেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব ৷ সমান্তৰালভাৱে সংগঠনটোৱে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনায় যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৷
লগতে পঢ়ক : Assam politics: ‘তিনি গগৈ’ক লৈ চলা চৰ্চা সন্দৰ্ভত কি ক’লে লুৰীণজ্যোতি গগৈয়ে ?