Taekwond Championships 2023:৪০ সংখ্যক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈৰ সাফল্য - Taekwond Championships 2023 in lucknow
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18744622-thumbnail-16x9-teok-new1.jpg)
টীয়ক,13 জুন: ৯ জুনৰ পৰা তিনিদিনীয়াকৈ লক্ষ্ণৌত অনুষ্ঠিত হোৱা ৪০ সংখ্যক টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৩ ত অসমৰ খেলুৱৈৰ সাফল্য ৷ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল টীয়ক টাইকোৱাণ্ডো ট্ৰেনিং চেন্টাৰৰ পাঁচজনকৈ খেলুৱৈয়ে ৷ টীয়ক টাইকোৱাণ্ডো ট্ৰেনিং চেন্টাৰৰ পাঁচজন খেলুৱৈৰ পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । টীয়ক টাইকোৱাণ্ডো ট্ৰেনিং চেন্টাৰৰ প্ৰশিক্ষাৰ্থী অভিজিত বৰাই সোণ,মাধুৰ্য ৰাজোৱাৰে সোণ,জগত মিলিয়ে সোণ,স্নেহা জোনাক বৰুৱাই সোণ আৰু কৌশিক প্ৰতিম বৰুৱাই ৰূপৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে । মুঠ চাৰিটা সোণ আৰু এটা ৰূপৰ পদকেৰে উজ্জ্বলি উঠা পাঁচ প্ৰশিক্ষাৰ্থীক আৰু প্ৰশিক্ষক দিগন্ত গগৈক মঙলবাৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷ টীয়ক টাইকোৱাণ্ডো ট্ৰেনিং চেন্টাৰত ৰাইজৰ উপস্থিতিত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত প্ৰশিক্ষাৰ্থীসকলৰ আৰু অধিক সফলতা কামনা কৰা হয় ৷
লগতে পঢ়ক:AAP protest in Tezpur:তেজপুৰত প্ৰি-প্ৰেপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ