Swachhta Diwas in Nalbari: অখিল গগৈয়ে গাড়ী ভঙা আন্দোলনহে জানে; জয়ন্তমল্ল - Cabinet Minister Jayanta malla Barua
🎬 Watch Now: Feature Video


Published : Sep 17, 2023, 4:45 PM IST
নলবাৰী, ১৭ ছেপ্টেম্বৰ: প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰা হয় স্বচ্ছতা দিৱস । আজি নলবাৰীৰ পৰা ৰাজ্যিক ভিত্তিত আৰম্ভ হ'ল স্বচ্ছতাই সেৱা কাৰ্যসূচী । দেওবাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । নলবাৰী মেডিকেল কলেজত আৰম্ভ কৰা হয় এই কাৰ্যসূচীৰ ।
উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় মেডিকেল কলেজ চৌহদত । ইয়াৰ পাছতেই মেডিকেল কলেজ চৌহদত ৰোপণ কৰা হয় গছপুলি । ইপিনে,গছপুলি ৰোপণ সম্পৰ্কত বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে অখিল গগৈয়ে গাড়ী ভঙা আন্দোলনহে জানে, বৃক্ষ ৰোপণ আন্দোলনৰ বিষয়ে কি জানিব বুলি কটাক্ষ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।
অখিল গগৈয়ে ডি এছ পিক লাথিওৱা, আন্দোলন কৰি ৰাজপথত টায়াৰ জ্বলাই বিশৃংখল কৰাৰ বাহিৰে অমৃত বৃক্ষ আন্দোলনৰ বিষয় কি জানে বুলি প্ৰশ্ন কৰে জয়ন্তমল্ল বৰুৱাই । মন্ত্ৰী বৰুৱাই ভগৱানৰ ওচৰত অখিল গগৈক সুমতি দিয়াৰ কাৰণে প্ৰাৰ্থনাও কৰে ।
লগতে পঢ়ক:Amrit Brikshya Andolan: নিজৰ গাত বোকা থকাৰ পাচত আনলৈ কিয় ছটিয়াই ! সাংসদ গৌৰৱলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্তৰ