Jal Jeevan Mission Scheme: জল জীৱনৰ পানীয়ে টীয়কত তুলিছে আনন্দৰ ঢৌ - টীয়কত জলজীৱনৰ পানী লাভ কৰাত উৎফুল্লিত জনতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-08-2023/640-480-19210752-thumbnail-16x9-teok-aspera.jpg)
টীয়ক, ৮ আগষ্ট : স্বাধীনতাৰ ৭৭ বছৰ পাছত টীয়ক সমষ্টিৰ অন্তৰ্গত অতিকৈ পিছপৰা দূৰ্গম তথা নৈপৰীয়া অঞ্চল বৰালিমৰা সোনাৰীআটী ৰাইজৰ মুখত প্ৰাপ্তিৰ হাঁহি । দীৰ্ঘদিন ধৰি এইসকল ভূমিপুত্ৰই বিশেষ কোনো সা সুবিধা নোপোৱাকৈ জীৱন অতিবাহিত কৰাৰ মাজতে লাভ কৰিলে জলজীৱন মিছন আঁচনিৰ পানী । জাঁজী নদীখনকে বুকুত বান্ধি প্ৰতিদিনে জীৱন সংগ্ৰাম চলাই ভাগৰি পৰা এই লোকসকলে এইবাৰ লাভ কৰিলে খোৱা পানীটুপি ।
বাট পথৰ শোচনীয় অৱস্থাৰ বাবে এই ডিজিটেলৰ যুগতো জোতা, চেণ্ডেল বা ভাল সাজ এযোৰ পৰিধান কৰি ওলাই যাব নোৱাৰা এটা পৰিবেশত বসবাস কৰা এইসকল জনতাৰ বৰ্হিঃ পৃথিৱীৰ সৈতে যোগাযোগ প্ৰায়ে বিছিন্ন হৈ থাকে । ইয়াৰ মাজতেই উক্ত স্থানত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ জলজীৱন মিছন স্থাপনে এতিয়া অভাৱৰ মাজতে হ'লেও জনতাৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙাইছে । অন্ততঃ এই বাৰিষাৰ কালছোৱাত নদীৰ ঘোলা পানীৰ পৰিৱৰ্তে এটুপি বিশুদ্ধ খোৱাপানী সেৱন কৰিবলৈ পাইছে ।
গাঁওখনৰ শতাধিক পৰিয়ালৰ চোতালত এতিয়া বিশুদ্ধ পানী লাভ কৰাত ৰাইজে চৰকাৰক ধন্যবাদ জনাইছে । ইপিনে,অতি কম দিনৰ ভিতৰত বাট পথ নথকা তথা কোনোধৰণৰ সা সুবিধা নথকা স্থানত দিনক ৰাতি কৰি আটক ধুনীয়াকৈ নিখুটভাৱে চৰকাৰী আঁচনিৰ সফল ৰূপায়নৰ কৰি ৰাইজক উপকৃত কৰাৰ বাবে ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে । ৰাইজে অনতি পলমে গাঁওখনৰ মূল পথটোকে ধৰি মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।