HSLC exam 2023: গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

By

Published : May 24, 2023, 8:00 PM IST

thumbnail

গুৱাহাটী ২৪ মে': সোমবাৰে ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC exam result 2023 in Guwahati)। শাৰীৰিক প্ৰতিবন্ধকতা যে সাফল্য়ৰ হেঙাৰ হ'ব নোৱাৰে এই প্ৰমাণ কৰি দেখুৱালে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ে শিক্ষাৰ্থীসকলে (Guwahati Blind High School)।  

মহানগৰীৰ বশিষ্ঠস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ে মেট্ৰিকত ১০০ শতাংশ উত্তীৰ্ণ হাৰেৰে সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে । এই বৰ্ষত মুঠ ৪ গৰাকী পৰীক্ষাৰ্থীয অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩ জন ছাত্ৰ প্ৰথম বিভাগত আৰু এগৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত । 

উল্লেখ্য যে, আছিক মাৰাক নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে সংগীত বিষয়ত লেটাৰসহ ৬৩.৫ শতাংশ নম্বৰ লাভ কৰিছে (Success in HSLC exam)। ইপিনে, ভবজিৎ তালুকদাৰ আৰু অভিলাস নাথে ক্ৰমে ৬১.১৭ আৰু ৬০.১৭ শতাংশ নম্বৰ পাবলৈ সক্ষম হয় । লগতে ইন্দ্ৰানী তালুকদাৰে ৫০.৮৩ নম্বৰেৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ।  

লগতে পঢ়ক:Protest at KBVSASSU: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.