thumbnail

By

Published : Aug 13, 2022, 8:39 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনিৰে ৰাজপথ মুখৰিত কৰিলে ছাত্ৰ-ছাত্ৰীয়ে

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) উপলক্ষে দেশজুৰি উলহ-মালহ পৰিৱেশ । সমগ্ৰ দেশে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’(Har Ghar Tiranga) কাৰ্যসূচী। ইয়াৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে মাজুলীতো বিদ্যালয়সমূহে পালন কৰিলে প্ৰভাত ফেৰী কাৰ্যসূচী । মাজুলীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে পতাকা লৈ বন্দে মাতৰম, আই লাভ মাই ইণ্ডিয়া, মেৰা ভাৰত মহান আদি বিভিন্ন ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলে । পুৱ মাজুলীৰ বহুকেইখন বিদ্যালয়ে নিজৰ বিদ্যালয়ৰ পৰা বনগাঁও চাৰিআলিলৈ যাত্ৰা কৰি প্ৰভাত ফেৰী কাৰ্যসূচী সমাপন কৰে । ইফালে জিলাখনৰ দক্ষিণপাট অঞ্চলতো বহু শিক্ষানুষ্ঠানে একেধৰণে আজাদী কা অমৃত মহোৎসৱ পালন কৰা দেখা যায় । উল্লেখ্য যে, প্ৰভাত ফেৰীৰ এই কাৰ্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু মহাসংঘৰ সভাপতি জনাৰ্দন দেৱ গোস্বামী ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.