Chirang ABSU protest for medium : চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰী আৰু এবছুৰ - বড়ো সাহিত্য সভাৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 9, 2023, 3:53 PM IST

চিৰাং,9 জুন: মাতৃভাষাৰ সলনি ইংৰাজী ভাষাত কেনেক পাঠদান গ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীয়ে ? তাকে লৈ চিন্তিত বিদ্বান মহল ৷ সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে দল-সংগঠন সমূহে (Chirang ABSU Protest) ৷  মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পাঠদান কৰিব লাগে বুলি চৰকাৰে জাপি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে চিৰাঙতো এবছু আৰু বড়ো সাহিত্য সভাৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে (Chirang ABSU protest for medium) ৷ ধাৰাষাৰ বৰষুণৰ মাজতো চিৰাঙৰ ভিৰানগাঁও হাইস্কুলৰ ক’ৰিড’ৰত ক’লাবেজ পৰিধান কৰি প্ৰতিবাদত নামিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, এবছু আৰু বড়ো সাহিত্য সভাৰ সদস্যৰ ৷ ‘‘বড়ো মাধ্যমক ধ্বংসৰ ষড়যন্ত্ৰ ৰচনা কৰা’ৰ অভিযোগেৰে চৰকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ৷ 

লগতে পঢ়ক:Sensational incident in Guwahati: মহানগৰীত ৰেগিঙত বাধা দিয়া অভিভাৱকক প্ৰহাৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.