thumbnail

By

Published : Jul 29, 2022, 10:55 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Sexual harassment case: প্ৰধান শিক্ষকৰ কামনাৰ বলি কণমানি ছাত্ৰী

ৰাজ্যত নাৰী নিৰ্যাতন, কিশোৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ দৰে ঘটনাসমূহ বৃদ্ধি পাইছে । প্ৰায় প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈছে নাৰীৰ ওপৰত অপৰাধজনিত ঘটনা (Female related criminal cases increased in Assam)। এইবাৰ কৰিমগঞ্জত আন এক জঘন্য ঘটনা সংঘটিত হৈছে । শিক্ষক সমাজত লজ্জানত কৰা এই ঘটনাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্কুলীয়া এগৰাকী ছাত্ৰীক বিদ্যালয়ৰে প্ৰধান শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে (Student sexually assaulted by headmaster in Karimganj)। কৰিমগঞ্জৰ বাজাৰিচৰা আৰক্ষী থানা এলেকাৰ কালাচৰাত সংঘটিত হৈছে এই ঘটনা । কালাচৰা ৬২ নম্বৰ এল.পি স্কুলত সংঘটিত হৈছে ঘটনাটো (Sexual harassment case in Karimganj)। অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক কমলা কান্ত সিনহাই প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিজ কোঠালৈ মাতি আনি যৌন নিৰ্যাতন চলায় । আনকি প্ৰধান শিক্ষকৰ ভয়ত স্কুললৈ অহা বন্ধ কৰি দিয়ে কণমানি ছাত্ৰীজনীয়ে । পাছত এই কথা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক গম পোৱাৰ লগে লগে বাজাৰিচৰা আৰক্ষী থানাত পৰিয়ালৰ লোকে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । এজাহাৰ দাখিলৰ পাছতে অভিযুক্ত প্ৰধান শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি ঘটনা তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.