Storm ravages Dhansiri sub division: ধনশিৰি মহকুমাক জোকাৰি থৈ গ’ল প্ৰচণ্ড ধুমুহাই - ধুমুহা
🎬 Watch Now: Feature Video
Published : Sep 7, 2023, 10:57 PM IST
|Updated : Sep 8, 2023, 10:07 AM IST
সৰুপথাৰ, 7 ছেপ্টেম্বৰ : উৎকট গৰমে ৰাজ্যবাসীক জ্বলা-কলা খুৱাই থকাৰ সময়তে আহিল এজাক বৰষুণ ৷ অসহ্য গৰমত দহি পুৰি ৰাইজে আশা কৰি আছিল এজাক বৰষুণৰ ৷ অৱশেষত বৃহস্পতিবাৰে আহিল এজাক বৰষুণ ৷ বৰষুণ আহিল কিন্তু লগত লৈ আহিল ধুমুহা ৷ এতিয়া ধুমুহাই তচ-নচ কৰিলে ৰাজ্যৰ বহু অঞ্চল ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাতো ধুমুহাই চলালে তাণ্ডৱ । ৰাস্তাত গছ উভালি পৰাৰ লগতে বন্ধ হৈ পৰে যাতায়ত ৷ এই ধুমুহাই মহকুমাটোৰ মানুহৰ ঘৰৰ টিনপাতবোৰো উৰুৱাই লৈ যায় । ধুমুহাৰ ফলত উৰিয়ামঘাটৰ ফৰেষ্ট তিনি আলিৰ সমীপত সৰুপথাৰ-উৰিয়ামঘাট লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত প্ৰকাণ্ড গছ ভাঙি পৰে ।
বৃহস্পতিবাৰে আবেলি অহা এইজাক ধুমুহাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ কেইবাখনো ডাম্পাৰ, যাত্ৰীবাহী বাছ, স্কুল বাছ বাট-পথত আবদ্ধ হৈ পৰে । ইয়াৰ লগতে বিদ্যুতৰ খুঁটা উভালি পৰাও পৰিলক্ষিত হৈছে । কেইবাখনো বিদ্যালয় আৰু নামঘৰৰ টিনপাত উৰুৱাই নিয়ে ধুমুহাই ।
লগতে পঢ়ক : Storm lashes in Jorhat:উৎকট গৰম, আহিল এজাক বৰষুণ তাকো ধুমুহাৰ তাণ্ডৱৰ সৈতে