Heavy Storm in Behali: নিশা অহা ধুমুহাৰ ফলত বিহালীত বিস্তৰ ক্ষতি

By

Published : Aug 10, 2022, 6:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বানৰ তাণ্ডৱৰ পিছত ৰাজ্যত এইবাৰ ধুমুহাৰ কালৰূপ ৷ যোৱা কেইটা দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ধুমুহাৰ ফলত ক্ষতি হৈছে বহু লোকৰ সম্পত্তি ৷ শেহতীয়াকৈ বিহালীত মঙলবাৰে পুৱতি নিশা অহা এজাক ধুমুহাই এফালৰ পৰা তচনচ কৰি গ’ল সকলো (Storm devastated several areas of Behali) ৷ কৰবাত যদি গছ-গছনি ভাঙিছে আন কৰবাত আকৌ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন হৈছে বহু পৰিয়ালৰ (Many trees falling on road) ৷ প্ৰকাণ্ড প্ৰকাণ্ড গছ ৰাস্তাত বাগৰি পৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৰতোৱা জিনজিয়া সংযোগী পথত যাতায়ত ব্যাহত হৈ পৰে ৷ বিহালীৰ বিহপুখুৰী, লাহৰিজান, মোনাবাৰী, ৰতোৱা আদি অঞ্চলত গছ-গছনিকে ধৰি ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হয় ৷ বিধ্বংসী ধুমুহাত প্ৰায় দুকুৰীৰো অধিক দৰিদ্ৰ পৰিয়ালৰ গৃহ ভাঙি যোৱাৰ লগতে বৈদ্যুতিক সংযোগ সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰে ৷ ইফালে, বিদ্যুৎ বিভাগক খবৰ দিয়াৰ পাছতো সময়ত বিদ্যুৎ বিভাগৰ লোক উপস্থিত নোহোৱাত খৰ্গহস্ত হৈ পৰে স্থানীয় লোক (Electricity connection disrupted) ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.