ৰ’ড শ্ব’ কৰি ভোট বিচাৰিলে বিজেপি যুৱ মৰ্চাই

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:44 PM IST

thumbnail

হাফলং 6 জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰ’ড শ্ব’ কৰি শনিবাৰে হাফলং চহৰ কঁপাই তোলে বিজেপিয়ে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি 4 বজাত অন্ত পৰে । কিন্তু ইয়াৰ আগতে আজি ৰ’ড শ্ব’ কৰি শক্তি প্ৰদৰ্শন কৰে বিজেপিয়ে ।

হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধনপাইন থাওচেনৰ হৈ বিজেপি যুৱ মৰ্চাই ৰ’ড শ্ব’ কৰি তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে । এই ৰ’ড শ্ব’ত ৰাজ্যৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷

উল্লেখ্য যে, পৰিষদৰ 1 নম্বৰ হাফলং সমষ্টি সদায় কংগ্ৰেছৰ দুৰ্গ হিচাবে পৰিচিতি আছিল । কিন্তু এইবাৰ হাফলং সমষ্টিত কংগ্ৰেছ পিছপৰি আছে । এই হাফলং সমষ্টিত মূল যুজঁ হ’ব বিজেপি, তৃণমূল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ডেনিয়েল লাংথাচাৰ মাজত । 2019 চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত হাফলং সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ডেনিয়েল লাংথাচাই । এইবাৰ কংগ্ৰেছ দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাবে হাফলং সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ  হৈছে ডেনিয়েল লাংথাচা । 

লগতে পঢ়ক : মোদীজী য’ত থাকিব তাত কোনো শক্তিশালী হৈ নাথাকিব: ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.