Golden jubilee of Srimanta Krishti Sangha: শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন - শ্ৰীমন্ত কৃষ্টি সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
🎬 Watch Now: Feature Video
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ শ্ৰীমন্ত কৃষ্টি সংঘৰ ৰংগমঞ্চই উদযাপন কৰিছে সংঘৰ সোণালী জয়ন্তী বৰ্ষ(Srimanta Krishti Sangha celebrates Golden Jubilee year) । ১৯৭২ চনতে উজনী মাজুলীৰ ৰতনপুৰ লাহনত কলা-সংস্কৃতি চৰ্চাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল শ্ৰীমন্ত কৃষ্টি সংঘ নামৰ ৰংগমঞ্চ । শ্ৰীমন্ত কৃষ্টি সংঘ ৰংগমঞ্চই নানানটা দুৰ্যোগ পাৰ কৰি এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে(Golden jubilee of Srimanta Krishti Sangha) । এই দুদিনীয়া অনুষ্ঠানত প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীকে আদি কৰি বিশিষ্ট ব্যক্তিয়ে । দ্বিতীয় দিনৰ দিনজোৰা কায্যসূচীৰ অন্তত দেওবাৰে নিশা শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শনৰ জৰিয়তে সামৰণি পৰে সোণালী জয়ন্তী বৰ্ষৰ ।
Last Updated : Feb 3, 2023, 8:30 PM IST