Specially-abled youth: দুচকুৰে পৃথিৱী নেদেখিলেও কণ্ঠত সৰস্বতীৰ বসতি কেৰোমণি দাসৰ

By

Published : Apr 3, 2023, 8:37 PM IST

thumbnail

বৰপেটা ৰোড, 3 জুন: জীৱন যুঁজত হাৰ নমনা বৰপেটাৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱক ৷ নাম কেৰোমণি দাস ৷ সম্প্ৰতি, পদপথত গীত গাই দিন পাৰ কৰি আহিছে যুৱকজনে ৷ নিজৰ পৰিয়াটোক পোহপাল দিবৰ বাবে দৈনিক পদপথত গীত গাই আহিছে যুৱকজনে ৷ বিশেষভাৱে সক্ষম এই যুৱকজনে নিতৌ পুৱা সৰভোগৰ গৰখীয়া থানলৈ আহি থানলৈ অহা ভক্তসকলক গীত গাই আপ্লুত কৰে ৷ দৃষ্টিহীন  যুৱকজনৰ মনপৰশা গীত শুনি ভক্তসকলেও যিখিনি দিয়ে সেইখিনিৰে ঘৰৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰে যুৱকজনে (Specially abled youth of Barpeta)।

বিশেষভাৱে সক্ষম লোকৰ সহায়ৰ বাবে চৰকাৰে ন ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও ৰাজ্যত এনে বহু স্থান আছে য'ত বহু হিতাধিৰাকী এতিয়াও বঞ্চিত হৈ আছে এই চৰকাৰী আঁচনিসমূহৰ পৰা (A Blind Men Singing in Barpeta) ৷ ঠিক তেনেদৰেই এইগৰাকী দৰিদ্ৰ যুৱক কেৰোমণি আৰু তেওঁৰ পৰিয়ালেও চৰকাৰৰ ফালৰ পৰা আজি পৰ্যন্ত এটি চৰকাৰী আৱাস গৃহ, এখন ৰেচন কাৰ্ড, তথা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে এতিয়া দিন পাৰ কৰাটোও যথেষ্ট কঠিন হৈ পৰিছে যুৱকজনৰ বাবে (Blind singer of Barpeta) ৷

আৰ্থিক অৱস্থাই জুৰুলা যুৱক কেৰোমণিয়ে সৰভোগৰ গৰখীয়া থানৰ দুৱাৰৰ সন্মুখতে বহি পুৱাৰে পৰা বিয়লিলৈকে নিতৌ পেটৰ ভোক নিবাৰণৰ বাবে সুমধুৰ কণ্ঠৰে গীত গাই গৰখীয়া থানলৈ অহা ভক্তসকলৰ পৰা যিখিনি ধন লাভ কৰে তাকেই লৈ কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে ৷ তৎস্বত্বেও কেৰোমণিয়ে জীৱন যুঁজত কেতিয়াও থমকি ৰোৱা নাই ৷ সম্প্ৰতি যুৱকজনে চিকিৎসা তথা পৰিয়ালটোক পোহপাল দিবৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.