Missing News : তিনিমাহে সন্ধানহীন টিংখাঙৰ বিশেষভাৱে সক্ষম যুৱক

By

Published : Aug 13, 2023, 5:09 PM IST

thumbnail

ডিব্ৰুগড়, 13 আগষ্ট : টিংখাঙত ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে এজন বিশেষভাৱে সক্ষম যুৱক ৷ সন্ধানহীন যুৱকজন টিংখাঙৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং দীঘলীয়া গাঁৱৰ ইন্দ্ৰজিত মনোহৰ ( ১৮ ) ৷ নিৰুদ্দেশৰ ৩ মাহ উকলি যোৱাৰ পাচতো কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনৰ ৷  

উল্লেখযোগ্য যে যোৱা ৫ মে’ তাৰিখে চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল বিশেষভাৱে সক্ষম যুৱকজন ৷ তাৰ পাচৰে পৰা হঠাৎ নিখোজ হৈ পৰে যুৱকজন ৷ পৰিয়ালে বহু খা-খবৰ কৰিও এই পৰ্যন্ত কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই  ৷ এই সন্দৰ্ভত স্থানীয় বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়েও কোনো তথ্য লাভ কৰা নাই ৷ যাৰ ফলত পৰিয়ালৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 

লগতে পঢ়ক : Jonai News: খৰি বুটলিবলৈ গৈ চিমেন নদীত আৱদ্ধ 7 জনকৈ লোক, SDRF বাহিনীৰ উদ্ধাৰ অভিযান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.